আমেৰিকাৰ বিলাসী চাকৰি এৰি পঞ্চায়ত নিৰ্বাচন খেলা ৰীনা পাটোৱাৰীৰ ফলাফল কি? - Barak Bangla News

Breaking

Dec 12, 2018

আমেৰিকাৰ বিলাসী চাকৰি এৰি পঞ্চায়ত নিৰ্বাচন খেলা ৰীনা পাটোৱাৰীৰ ফলাফল কি?


কামৰূপৰ কমলপুৰ সমষ্টিৰ পূৱ কাছাৰী মহল জিলা পৰিষদৰ পৰা এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰীনা পাটোৱাৰীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আমেৰিকাৰ কেন বিশ্ববিদ্যালয়ৰ পৰা এম পি এ ডিগ্ৰীধাৰী ৰীনা পাটোৱাৰীয়ে বহুজাতিক কোম্পানীৰ লোভনীয় চাকৰি এৰি অৱতীৰ্ণ হৈছিল পঞ্চায়ত নিৰ্বাচনত। বিজেপিৰ হৈ জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰা ৰীনা পাটোৱাৰীৰ নিৰ্বাচনী ফলাফলক লৈ সকলোৱে দৃষ্টি ৰাখিছে। নিশা ৮.৩০ বজালৈকে অহা খবৰ অনুসৰি উক্ত জিলা পৰিষদত আগবাঢ়ি আছে প্ৰাৰ্থীগৰাকী।
কংগ্ৰেছৰ প্ৰাৰ্থী ৰীমা বৰাতকৈ ৮০০ ভোটত আগবাঢ়ি আছে ৰীনা পাটোৱাৰী। উল্লেখযোগ্য যে, আমেৰিকাৰ পৰা চাকৰি এৰি নিজ গাঁৱলৈ উভতি অহা ৰীনাই অঞ্চলটোত নিবনুৱা সমস্যা সমাধানৰ বাবে এক নিৰ্দেশনো দাঙি ধৰিছে। মাছ-মাংস আৰু কণীৰ অভাৱ দূৰীকৰণৰ হকে তৃণমূল পৰ্যায়ত এক আন্দোলন গঢ়ি তুলিছিল এই উচ্চশিক্ষিত মহিলাগৰাকীয়ে। বিহদিয়াত এক ‘সাৰথি’ নামৰ ফাৰ্ম খুলি হাতে কামে লাগি আছে তেওঁ।

No comments: