- দুই পৰ্যায়ত অনুুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন।
- প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৫ ডিচেম্বৰত।
- ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- প্ৰথম পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা ৪৩,৫১৫।
- দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা ৩৫,০৫৬।
- এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৭৮,৫৭১।
- প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা জিলা কেইখন হ’ল- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, নগাঁও, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ, কামৰূপ (মেট্ৰ’) আৰু মৰিগাঁও।
- দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল- নলবাৰী, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমৰা-মানকাছৰ, গোৱালপাৰা, বৰপেটা, কৰিমগঞ্জ, কাছাৰ, হোজাই আৰু হাইলাকান্দি।
- মুঠ ২৬খন জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন।
- জিলা পৰিষদৰ সদস্যৰ সংখ্যা ৪২০।
- আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা ২,১৯৯।
- গাঁও পঞ্চায়তৰ সভাপতি সদস্যৰ সংখ্যা ২,১৯৯।
- গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ২১,৯৯০।
- এই নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৭৩৪গৰাকী প্ৰাৰ্থী।
- ইয়াৰে ৩৮০গৰাকী বিজেপিৰ প্ৰাৰ্থী।
- ১৯৩গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী, ১০গৰাকী এ আই ইউ ডি এফৰ, ২৮গৰাকী অগপৰ, ১গৰাকী চি পি আই (এম)ৰ, ৫গৰাকী বিপিএফৰ আৰু ১১৭গৰাকী নিৰ্দলীয় সদস্য।
- প্ৰথম পৰ্যায়ত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ৪৪২।
- দ্বিতীয় পৰ্যায়ত বিনাপ্ৰতিদ্বন্দ্বিতা ২৯২গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল।
Dec 12, 2018
২০১৮ৰ পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment