ঘাটিতে ভেটি উছন এ আই ইউ ডি এফৰ! - Barak Bangla News

Breaking

Dec 12, 2018

ঘাটিতে ভেটি উছন এ আই ইউ ডি এফৰ!


ৰাজ্যজুৰি আজি ঘোষণা কৰি থকা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। বহু গাঁও পঞ্চায়ত কংগ্ৰেছ, বিজেপি, অগপই ভাল ফলাফল দেখুওৱাইছে যদিও এ আই ইউ ডি এফে মুখথেকেচা খালে যমুনামুখত। যমুনামুখ সমষ্টিৰ ডবকা জিলা পৰিষদৰ যমুনামুখ গাওঁ পঞ্চায়তত ২ আৰু ৩ নং ৱাৰ্ড সদস্য বিজেপিৰ জয় আৰু ৫ নং ৱাৰ্ড সদস্য কংগ্ৰেছৰ জয়। যমুনামুখ গাঁও পঞ্চায়তত বিজেপিৰ সভাপতিৰ প্ৰাৰ্থী নিলিমা চৌধুৰী আৰু আঞ্চলিক সদস্যা বিজেপিৰ প্ৰাৰ্থী মুকুটা বৰাৰ জয় লাভ কৰে৷ মোৰাঝাৰ জিলা পৰিষদৰ বুৰুংগা গাঁও পঞ্চায়তত দহটা ৱাৰ্ডেই কংগ্ৰেছৰ দখলত৷ লগতে সভাপতিৰ প্ৰাৰ্থী ৰুহুল ইছলাম আৰু কাউন্সিলাৰৰ প্ৰাৰ্থী আৰিনা বেগমে জয় লাভ কৰে।
সূতাৰ গাঁৱত কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন আৰু আঞ্চলিক সদস্য প্ৰাৰ্থীৰ জয়, বৰহাওৰত কংগ্ৰেছৰ সভাপতি আব্দুৰ গফুৰ আৰু আঞ্চলিক সদস্য প্ৰাৰ্থী এ আই ইউ ডি এফৰ ফৰহানা বেগমৰ জয় লাভ কৰে। হোজাই সমষ্টিৰ ৬ নং ভালুকমাৰি জিলা পৰিষদৰ ৩২ নং পূব ধনীৰামপথাৰ গাঁও পঞ্চায়তৰ বিজেপিৰ সভাপতি পিনকি চাহা আৰু আঞ্চলিক সদস্য বিজেপিৰ জয়লাভ, ২৫ নং হাজং গাও পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্য প্ৰাৰ্থীৰ জয়, ৩৮ নং আশীনগৰ গাঁও পঞ্চায়তত সভাপতি নুৰজাহান বেগম, আঞ্চলিক পঞ্চায়তৰ সদস্য ফখৰুল ইছলামৰ 
ইফালে, ৩৯ নং ইছলাম নগৰ গাঁও পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্য কংগ্ৰেছৰ জয়, ১১ নং ৰানীপূখুৰী জিলা পৰিষদৰ ৰানী পুখুৰী গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য বিজেপিৰ জয়লাভ, ১২ নং উদালী জিলা পৰিষদৰ লংকাজান গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্য প্ৰাৰ্থী কংগ্ৰেছৰ জয় কৰে।
পঞ্চায়ত নিৰ্বাচনত হোজাই জিলাত শাসকীয় বিজেপি আৰু কংগ্ৰেছৰেই অগ্ৰগতি দেখিবলৈ পোৱা যায়। এ আই ইউ ডি এফৰ প্ৰাৰ্থী  মুখতেকেচা খাই আৰু নিজ ঘাটিতেই ভেটি উছন হয় আজমলৰ। লামডিং সমষ্টিৰ উদালী জিলা পৰিষদৰ লংকাজান গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়, লামডিংত বিজেপিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰে।

No comments: