১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা : মেট্ৰিকৰ উত্তৰবহীত থাকিব বাৰকোড - Barak Bangla News

Breaking

Dec 12, 2018

১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা : মেট্ৰিকৰ উত্তৰবহীত থাকিব বাৰকোড


গুৱহাটী : লােকসভা নির্বাচনৰ বাবে এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষা। ২০১৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ মার্চলৈ ৰাজ্যৰ ৭৮০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা। ইফালে ২০১৯ চনৰ ১১ জানুৱাৰীৰ পৰা পৰীক্ষা কেন্দ্রসমূহত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা।
মঙলবাৰে শিক্ষা সংসদৰ কাৰ্যালয়ত অনুষ্ঠিত হােৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰে শিক্ষা সংসদে। শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগােহাঞি, সচিব কমলজ্যোতি গগৈ, পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰ আৰু পৰিষদৰ বিষয়ববীয়াৰ মাজত অনুষ্ঠিত হয় এই বৈঠক। এই বৈঠকতে উচচতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ পৰিষদে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত। প্রথমবাৰৰ বাবে এইবাৰ অতি স্পর্শকাতৰ কেন্দ্ৰত জামাৰ সংলগ্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে শিক্ষা সংসদে। লগতে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা, ফ্লাইং স্কোয়াডৰ দল থাকিব বুলি সদৰী কৰে শিক্ষা সংসদ সচিব কমলজ্যোতি গগৈয়ে। উল্লেখ্যযােগ্য যে চৰকাৰী বন্ধৰ কেলেণ্ডাৰ প্রকাশ পালেই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিব সম্পূর্ণ সূচী।

download
উত্তৰ বহী মূল্যায়নৰ ক্ষেত্ৰত ছেবাৰ নতুন সংযােজন

আগন্তুক মেট্রিক পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)। ২০১৯ বৰ্ষৰ পৰীক্ষাৰ সূচী আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা। ইতিমধ্যে মেট্রিক পৰীক্ষা উপলক্ষে ছেবাই এইবাৰ সংযােজন কৰিছে কেইবাটাও নতুন নিয়ম। প্রথমবাৰৰ বাবে মেট্রিকৰ উকা উত্তৰ বহীত থাকিব বাৰ কোড। পৰীক্ষাৰ উত্তৰ বহী পৰীক্ষা কেন্দ্ৰৰ পৰা মূল্যায়ন কেন্দ্রসমূহত যাতে সুকলমে থাকে তাৰ বাবে এই বাৰ কোডৰ ব্যৱস্থা হাতত লােৱা বুলি মন্তব্য কৰিছে ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মাই।
যি পদ্ধতিৰ জৰিয়তে বাৰ কোডৰ সংখ্যা চাই মুহুর্ততে এই বহী কোন কেন্দ্র সেই কথা অৱগত হ’ব পাৰিব ছেবা। লগতে উত্তৰ বহী মূল্যায়নৰ ক্ষেত্ৰত ছেবাই সংযােজন কৰিছে আন এক নতুন নিয়ম। যত প্ৰথমবাৰৰ বাবে মেট্রিকৰ উত্তৰ বহীত প্রশ্নকাকতসমূহত ক্রমিক নম্বৰৰ লগত সংগতি ৰাখি প্রথম পৃষ্ঠাত প্রশ্ন ১ৰ পৰা ১০ নম্বৰ প্রশ্নলৈ থাকিব ছপা আখৰত। মেট্রিকৰ উত্তৰ বহী মূল্যায়নৰ ক্ষেত্ৰত যাতে কোনােধৰণৰ খেলিমেলিৰ সৃষ্টি হয় তাৰ প্রতি লক্ষ্য ৰাখি এই পদক্ষেপ হাতত লৈছে ছেবাই।
উল্লেখযােগ্য যে বিভিন্ন সময়ত মেট্ৰিকৰ উত্তৰ বহী মূল্যায়নৰ ক্ষেত্ৰত সৃষ্টি হৈছিল ব্যাপক বিসংগতি। যাৰ বাবে এইবাৰ উত্তৰ বহীত প্রথম পৃষ্ঠাত প্ৰশ্নৰ ক্ৰমিক নম্বৰৰ বিপৰীতে থাকিব নম্বৰ দিয়াৰ ব্যৱস্থা। যি ব্যৱস্থাই শিক্ষার্থীসকলৰ লগতে উত্তৰ বহী মূল্যায়ন কৰা নিৰীক্ষকক দিব যথেষ্ট সকাহ। সেইদৰে প্ৰথমবাৰৰ বাবে গণিত আৰু ঐচ্ছিক গণিতৰ উত্তৰ বহীত নাথাকিব ৰুলিঙৰ ব্যৱস্থা। ১৬ পৃষ্ঠাৰ এই উত্তৰ বহীত ১৩ আৰু ১৫ নম্বৰ পৃষ্ঠাত ৰাফ পেপাৰ সংযােজন কৰিছে ছেবাই।
আনহাতে, উত্তৰ বহী নিৰীক্ষণৰ ক্ষেত্ৰত ৩ নম্বৰ পৃষ্ঠাত এটা বক্স আৰু ৪ৰ পৰা ১৬ পৃষ্ঠালৈ ৩টাকৈ বক্স দিয়াৰ নতুন প্রথা হাতত লৈছে অসম মাধ্যমিক শিক্ষা পৰিষদে। উল্লেখযােগ্য যে প্রথমবাৰৰ বাবে পৰীক্ষাৰ উকা উত্তৰ বহীত নিৰীক্ষকৰ চহীৰ বিপৰীতে সম্পূর্ণ নাম লিখাটো বাধ্যতামূলক কৰিছে ছেবাই। অনুৰূপ ধৰণে কোনাে পৰীক্ষার্থীক অতিৰিক্ত উত্তৰ বহী ল’লে তাৰ সম্পূর্ণ বিৱৰণ এইবাৰ লিখিব লাগিব নিৰীক্ষকে।

No comments: