TOP HEADLINES OF THIS HOUR - Barak Bangla News

Breaking

Dec 12, 2018

TOP HEADLINES OF THIS HOUR

## ‘ZPCৰ সদস্যৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা, বেলট পেপাৰ বাবে প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে, শদিয়া, মাৰ্ঘেৰিটা আৰু জোনাইত ২-৩ ঘন্টাৰ পিছত ফলাফল লাভ, হোজাইত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা, গোটেই নিশা চলিব ভোটগণনা।’- সংবাদমেলত ঘোষণা নিৰ্বাচন আয়োগৰ আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ। ‘পৰ্যায়ক্ৰমে বিষয়াসকল নিয়োজিত ভোটগণনাত, ৮ ঘণ্টাকৈ একোজন প’লিং বিষয়া এজেণ্টক নিয়োজিত।’- মন্তব্য আয়ুক্তগৰাকীৰ।
## কৰিমগঞ্জত কংগ্ৰেছ আৰু বিজেপি বিধায়কৰ সমৰ্থকৰ খণ্ডযুদ্ধ। ভোটগণনা কেন্দ্ৰত দুইপক্ষৰ সমৰ্থকৰ মাজত হতাহতি। ভোট গণনাক লৈ পাথাৰকান্দি আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়কৰ সমৰ্থকৰ মাজত কাজিয়া। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা।
## তেজপুৰত দৰং মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ সমীপত নিৰাপত্তাৰক্ষীৰ উদ্ভণ্ডালি৷ নিৰাপত্তাত নিয়োজিত গৃহৰক্ষী জোৱানৰ সাংবাদিকক দুৰ্ব্যৱহাৰ৷ সাংবাদিকৰ পৰিচয় দিয়াৰ পিছতো কেমেৰা ভাঙিবলৈ উদ্যত নিৰাপত্তাৰক্ষী৷

## নাহৰকটীয়া সমষ্টিৰ পঞ্চায়ত সভাপতি পদত বিজয়ী বিজেপিৰ কৰবী গগৈ কলিতা আৰু কাউঞ্চিলাৰ পদত বিজয়ী বিজেপিৰ ভদেশ্বৰ গগৈ।
## হাইলাকান্দি ঘাঁড়মুড়া জিলা পৰিষদৰ অৰ্ন্তগত বাঘছড়া গাঁও পঞ্চায়ত সভাপতি পদত কংগ্ৰেছৰ প্ৰাৰ্থী বন্দনা ৰিয়াঙৰ জয়লাভ আৰু বাঘছড়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত সত্য ৰঞ্জন দাস বিজেপিৰ পৰা জয়ী।
## তিতাবৰ সমষ্টিৰ বোকাহোলা গাঁও পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী ৰমেশ তাছাৰ জয়লাভ।
## ছয়গাঁৱৰ ১৪নং জোৰশিমুলী পঞ্চায়ত কংগ্ৰেছৰ দখলত। ১০খন ৱাৰ্ডৰ ৮টা ৱাৰ্ডতেই কংগ্ৰেছৰ জয়লাভ। এটা ৱাৰ্ডত অগপ আৰু এটাত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়।
## চাপৰমুখ জিলা পৰিষদৰ চাপৰমুখ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ ফলাফল ঘোষণা। বাৰপুজিয়া জিলা পৰিষদৰ বাৰপুজিয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপি দলৰ ৰিনা দাসৰ জয়লাভ।
## তেজপুৰৰ বেছেৰীয়াত অগপৰ দুৰ্গত বিজেপিৰ বিজয়ধ্বজ্জা৷ তেজপুৰ সমষ্টিৰ বেছেৰীয়া গাঁও পঞ্চায়ত বিজেপিৰ দখলত৷ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী প্ৰতীমা বৰা৷ বেছেৰীয়া গাঁও পঞ্চায়তৰ সভাপতি পদত জয়ী হৈছে প্ৰদীপ বৰা৷ আনহাতে ৱাৰ্ড মেম্বাৰ ৬ গৰাকী জয়ী হৈছে বিজেপি দলৰ পৰা৷ অগপ দলৰ পৰা মাত্ৰ এগৰাকী ৱাৰ্ড সদস্যহে জয়ী হয় গাঁও পঞ্চায়তখনত৷
## কাছমাৰী জিলা পৰিষদৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থী দিগন্ত নাথ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপি দলৰ তপন বৰদলৈৰ জয়লাভ।
## পলাশবাৰী বিধান সভা সমষ্টিৰ ১১২নং সতপুৰ গাঁও পঞ্চায়তত ৰাভাহাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী নন্দেশ্বৰ ৰাভা বিপুল ভোটত জয়ী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা পদত জিৰা ৰাভাৰ জয়লাভ।
## সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনা গাঁও পঞ্চায়ত সভাপতি পদত কংগ্ৰেছৰ য়াচমিন বেগম আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত কংগ্ৰেছৰ ভাস্কৰ ঠাকুৰীয়াৰ জয়লাভ। গোৱৰ্ধনা

## শিঙিমাৰী মাধবপাৰা জিলাপৰিষদৰ বৰপথাৰ গাঁও পঞ্চায়তত বিজেপি দলৰ ৯জনকৈ ৱার্ড সদস্য জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে ১খন আসন লাভ কৰে। সভাপতি পদত জয়ী বিজেপি দলৰ নলীনি দেৱী আৰু কাউঞ্চিলৰ পদত বিজেপি দলৰ পৰা জয়ী হয় নইয়মী কার্জী।
## বটদ্ৰৱা সমষ্টিৰ ভোমোৰা গুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী গোলজাৰ হুছেইনৰ জয়লাভ। চাপৰমুখ জিলা পৰিষদৰ চাপৰমুখ গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি দলৰ পোচপেন্দ্ৰ শইকীয়া বিজয়ী।
## বঢ়মপুৰ বেঙনা আটি পঞ্চায়তত সভাপতি পদত জয়ী কংগ্ৰেছৰ হবিবুল ইদ্দিছ চৌধুৰী আৰু আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ জুস্মিতা শইকীয়াৰ জয়লাভ।
## দৰঙৰ ১১নং বিহুদিয়া জিলা পৰিষদৰ ৫৮নং বিহুদিয়া গাঁও পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ প্ৰতিদ্বন্দিতা নকৰা নৌচাদ আলীৰ বেলট পেপাৰ বাকচত ওলোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি। পৰিৱেশ পৰ্যবেক্ষণ দৰং জিলা উপায়ুক্তৰ।
## গোৱালপাৰাৰ শ্ৰীসূৰ্যগিৰী গাঁও পঞ্চায়তৰ ২নং ইউনিটৰ ৰহমত আলী ৫ নং ইউনিটৰ ছাহজাহান আলী কংগ্ৰেছৰ পৰা জয়ী। গোৱালপাৰাৰ খানখোৱা গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ প্ৰাৰ্থী আয়নাল হক মণ্ডলৰ জয়লাভ। বালিজানা গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী কুমাৰ চন্দ্ৰ ৰাভা জয়ী। মনকলা-শাইলধৰা পঞ্চায়তত সভাপতি পদত কংগ্ৰেছৰ ইছমাইল হুছেইনৰ জয়লাভ। গোৱালপাৰাৰ কাৰিপাৰা GPত সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী নাজিমা বেগমৰ জয়লাভ। ৰংজুলি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপি প্ৰাৰ্থী ৰূপালী চৌধুৰী জয়ী।
## বৰপেটাৰ ভাতকুছি গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত । সভাপতি পদত কংগ্ৰেছৰ আব্দুৰ ৰৌফ বিজয়ী। আঞ্চলিক সদস্য কংগ্ৰেছৰ জাকিৰ হুছেইনৰ জয়লাভ।
## নাজিৰা জিলা পৰিষদৰ শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত কংগ্ৰেছ প্ৰাৰ্থী প্ৰমীলা বড়া ফুকনৰ জয়লাভ। জোকতলি জিলা পৰিষদৰ অন্তৰ্গত জয়মতী গাঁও পঞ্চায়তৰ সভাপতি পদত বিজয়ী কংগ্ৰেছৰ বিনোদ বৰগোঁহাই আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ মিনাক্ষী বৰগোঁহাইৰ জয়।
## মঙলদৈ সমষ্টিৰ বিধায়কৰ গৃহ পঞ্চায়ত নগৰবাহী পঞ্চায়ত সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত কংগ্ৰেছ দলৰ চাৰিফুল ইছলাম আৰু গ্যায়াছুদিন আহমেদ।

## ১১খন জিলা পৰষদৰ ভিতৰত ৫খন আসনত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি। ধলছেড়া বিলাইপুৰ, আয়নাখাল নিশ্চিন্তপুৰ, ৰাজ্যেশ্বৰপুৰ, কাঠলিছেড়া আৰু মাটিজুৰি পাইকান জিলা পৰিষদ আসনত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি। বিপৰীতে ৩খন আসনত AIUDF দলৰ অগ্ৰগতি। ৰাঙ্গাউটি নিতাইনগৰ, ৰংপুৰ ৰামচণ্ডী আৰু ঘাৰমুৰা জামিৰা আসনত AIUDF প্ৰাৰ্থী আগবাঢ়ি আছে। আনহাতে ভাটিৰকুপা বোৱালিপাৰ আসনত অগপ প্ৰাৰ্থীৰ অগ্ৰগতি।
## আজমলৰ দুৰ্গ যমুনামুখত AIUDFৰ ব্যাপক পৰাজয়৷ কংগ্ৰেছ আৰু বিজেপিৰ উত্থান। AIUDFৰ দখলত থকা এটাৰ পিছত আন এটা পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে৷ বৰহাওৰ গাঁও পঞ্চায়তত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। ৯জন বাৰ্ড সদস্যৰ সৈতে সভাপতি আব্দুল গফূৰ আৰু আঞ্চলিক সদস্যই জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
## ৰঙাপৰা বিধানসভা সমষ্টিৰ ফুলগুৰি জিলা পৰিষদৰ অন্তৰ্গত বিন্দুকুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থী কমলা ৰহীদাসৰ ৪৮৫টা ভোটত জয়লাভ৷
## বোকাখাত পঞ্চায়ত বিজেপিৰ দখলত। ১,২,৩নং ৱাৰ্ড অগপৰ যদিও ৪,৫,৬,৭,৮,৯,১০নং ৱাৰ্ড বিজেপিৰ দখলত৷ সভাপতি পদত জয়ী বিজেপিৰ প্ৰাৰ্থী মনিকা দত্ত বৰা৷ অগপৰ প্ৰাৰ্থী ৰোমান বৰুৱা পৰাজিত।
## জুৰীয়া জিলা পৰিষদৰ জুৰীয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা কংগ্ৰেছ দলৰ মৰিয়ম মাহমুদাৰ জয়লাভ।
## নগাঁও সদৰ সমষ্টিৰ ভকতগাও গাঁও পঞ্চায়তত সভাপতি পদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ চাহাব উদ্দিনৰ আহমেদৰ জয়লাভ।
## কৰিমগঞ্জ চান্দখিৰা GP সভাপতি পদত বিজেপিৰ জয়লাভ। সদস্যপদত বিজেপি ৯খন আৰু কংগ্ৰেছৰ ১খন। আঞ্চলিক পঞ্চায়তো বিজেপিৰ দখলত। মেধলী জিপি সভাপতি পদত বিজেপিৰ জয়লাভ। সদস্যপদত বিজেপিৰ ১০খন, আঞ্চলিক পঞ্চায়তো বিজেপিৰ দখলত। মহাকল জিপি সভাপতি পদত বিজেপিৰ জয়লাভ। সদস্যপদত বিজেপিৰ ১খন আৰু কংগ্ৰেছৰ ২খন।
## ডিগবৈৰ গোলাই গাঁও পঞ্চায়ত বিজেপিৰ দখলত। বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী জোনমনি কছাৰীৰ জয়লাভ। পঞ্চায়তখনত ২জন কংগ্ৰেছৰ আৰু ৮জন বিজেপি ৱাৰ্ড সদস্য জয়ী হয়।
## কামপুৰৰ ২নং কচুৱা জিলা পৰিষদৰ কচুৱা গাঁও পঞ্চায়তত কংগ্ৰেছৰ জয়লাভ। সভাপতি পদত কংগ্ৰেছ দলৰ এহিয়া মুস্তাফা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত মুক্তাৰ হুছেইনকে ধৰি ৪জন ৱাৰ্ড সদস্যৰ জয়। পঞ্চায়ত খনত AIUDF-এ ৬টা ৱাৰ্ডত জয়ী হয়।
## জালুকবাৰী সমষ্টিৰ ১৩নং শুৱালকুছি জিলা পৰিষদৰ ৭৮নং বংশৰ গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি ৰমেশ চন্দ্ৰ দাসৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু ৮ গৰাকী বিজেপি দলৰ ৱাৰ্ড মেম্বৰৰ প্ৰাৰ্থীৰ জয়লাভ।

## মৰিয়নীৰ কাটনী গাঁও পঞ্চায়ত পদত বিজেপিৰ অপূৰ্ব জ্যোতি শইকীয়া জয়ী। আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ ৰিবণ্টি চুতীয়াৰ জয়লাভ।
## কমলপুৰ সমষ্টিৰ পাতিদৰং জিলা পৰিষদৰ বৰদাঙেৰীকুছি গাঁও পঞ্চায়ত সভাপতি পদত কংগ্ৰেছৰ মানিক মঞ্চুৰা আৰু আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ পূৰ্ণিমা বড়ো জয়লাভ। কমলপুৰ সমষ্টিৰ পূৱ কছাৰী মহলৰ অন্তৰ্গত নগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ গয়ামণি কলিতা জয়ী।
## পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত বিজেপিৰ দখলত। সভাপতি পদত বিজেপিৰ ৰাতুল বৰ্মনৰ জয়লাভ। ৱাৰ্ড মেম্বাৰত বিজেপিৰ ৯জন বিজয়ী।
## জালুকবাৰী সমষ্টিৰ প্ৰথমটো নিৰ্বাচনী ফলাফল। বংশৰ পঞ্চায়ত বিজেপিৰ দখলত। ৯জন সদস্য, সভাপতি আৰু কাউঞ্চিলৰ বিজেপি পৰা নিৰ্বাচিত হৈছে। বংশৰ পঞ্চায়তৰ কাউঞ্চিলৰ পদত ৰমেশ চন্দ্ৰ দাস আৰু সভাপতি পদত ৰিখভ বৈশ্য নিৰ্বাচিত। কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰি বিজেপিয়ে আজুৰিলে বংশৰ পঞ্চায়ত।
## বৰছলা বিধান সভা সমষ্টিৰ নতুনপাম পঞ্চায়ত কংগ্ৰেছৰ দখলত। কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী কামাল উদ্দিন, আঞ্চলিক সদস্যা ভাগ্যলক্ষ্মী গগৈ বৰ্মন জয়ী হোৱাৰ লগতে ৪টা ৱাৰ্ড সদস্য কংগ্ৰেছ, ১টা অগপ আৰু ৫টা ৱাৰ্ডত বিজেপিৰ সদস্য জয়ী হৈছে।
## ঢেকিয়াজুলিৰ ঠেলামৰা গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত৷ সভানেত্ৰী পদত মীৰা দাস, আঞ্চলিক সদস্য আব্দুল খালেক জয়ী হোৱাৰ লগতে ৬টা ৱাৰ্ডত কংগ্ৰেছৰ সদস্য আৰু ৪টা ৱাৰ্ড সদস্য বিজেপিয়ে লাভ কৰিছে৷
## হাজো সমষ্টিৰ ১নং হাজো গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি পদত টুটুমণি দাস আৰু আঞ্চলিক সদস্য পদত জিলি দাস বিজয়ী।
## লখিমপুৰত বৰ্তমানলৈকে বিজেপিৰ দখলত পিছলা পঞ্চায়ত, ভোলাবৰি, ৰাজগড় আৰু বগীনদী পঞ্চায়ত। আটাইকেইটা পঞ্চায়ততে সভাপতি আৰু আঞ্চলিক সদস্য বিজেপিৰ প্ৰাৰ্থী বিজয়ী আনহাতে বিহপুৰীয়া পঞ্চায়তৰ সভাপতিৰ আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে বিজেপিয়ে দখল কৰিছে আঞ্চলিক সদস্যৰ আসন।
## বঙাইগাঁও জিলাৰ পাতিলাদহ পঞ্চায়তৰ সভাপতি বিজেপিৰ বিপিন চন্দ্ৰ দাস জয়ী৷বামুণিটিলা পঞ্চায়তৰ সভাপতি অগপৰ দুৰ্গা প্ৰসাদ সৰকাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে অগপৰ মনোৱাৰ খান জয়ী হয়৷
## ডিগবৈৰ বৰবিল গাঁও পঞ্চায়ত সম্পূৰ্ণৰূপে বিজেপিৰ দখলত। পঞ্চায়তত বিজেপিৰ সভাপতি তৃষ্ণা বৰগৈয়াৰী, কাউঞ্চিলাৰ লীনা ফুকন আৰু ১০জন ৱাৰ্ড সদস্যৰ জয়লাভ।

## ধুবুৰী জিলাৰ কুমাৰগঞ্জ জিলা পৰিষদ সমষ্টিৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ জয় লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সভানেত্ৰী আনোৱাৰা খাতুন আৰু আঞ্চলিক সদস্য অঞ্জলী ৰায়ৰ জয়লাভ।
## ধুবুৰী জিলা পৰিষদ সমষ্টিৰ উত্তৰ গেৰামাৰীত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ। সভাপতি পদত সাৰ্জিনা বিবি আৰু আঞ্চলিক পঞ্চায়তত ৰফিকুল হক। লগতে জয়ী ৫ নিৰ্দলীয় প্ৰাৰ্থী, কংগ্ৰেছৰ ২ আৰু AIUDFৰ ৩জন।
## বোকাখাতৰ নুমলীগড় পঞ্চায়তৰ আটাইকেইটা ৱাৰ্ডতেই বিজেপি প্ৰাৰ্থীৰ জয়৷ গোলোং পঞ্চায়তত ১,৭,৬নং ৱাৰ্ডত অগপ, ২,১,৩,৪,৫,৯নং ৱাৰ্ডত বিজেপি আৰু ৩,১০নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়৷ মধ্য কাজিৰঙা পঞ্চায়তত ১,২,৩,৪,৫,৯নং ৱাৰ্ডত অগপ আৰু ৬,৭,৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ।
## টিহু জিলা পৰিষদৰ অন্তৰ্গত ৪১নং মাখিবাহা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত কাউঞ্চিলৰ পদৰ বিজেপি প্ৰাৰ্থী গীতাঞ্জলী ভট্টাচাৰ্য বিজয়ী। অগপ প্ৰাৰ্থী মীনা কুমাৰী পাঠকক ৩০৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজেপি ভোট লাভ কৰে ২৩০৩ আৰু অগপই ভোট লাভ কৰে ১৯৯৭টা।

## NSCN(IM)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ দেহাৱসান। বাৰ্ধ্যকজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান উপাধ্যক্ষগৰাকীয়ে। অবিভক্ত NSCNৰ সেনাপ্ৰধান আছিল কন্যাক। ১৯৮৮ চনত NSCN বিভক্ত হোৱাৰ পিছত NSCN(K)ৰ উপাধ্যক্ষৰ পদত স্থলাভিষিক্ত হৈছিল কন্যাক। পৰৱৰ্তী ২০১১ চনত NSCN(K)ৰ পৰা ফালৰি কাটি আহিল কন্যাকে গঠন কৰিছিল NSCN(U)ৰ। অৱশেষত ২০১৬ চনত NSCN(IM)ত যোগদান কৰিছিল কন্যাকে। বয়োজ্যেষ্ঠ নগা বিদ্ৰোহী নেতাগৰাকীক NSCN(IM)-এ উপাধ্যক্ষ পদত স্থলাভিষিক্ত কৰিছিল। ২০১৬ৰ ২৮ জুনত NSCN(IM)ৰ অধ্যক্ষ ইছাক চিছি শ্বুৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰৰ আলোচনা আগবঢ়াই নিয়াত মুইভাৰ সৈতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল খুলে কন্যাকে।
## বিহপুৰীয়াৰ বাঁহনি গাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে বাইক আৰোহীক। দুৰ্ঘটনাটোত নিহত লোকজনৰ বলিন তামুলী।

No comments: