নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচদিনাই বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য, মহানগৰীত অপৰিৱৰ্তিত ডিজেলৰ মূল্য - Barak Bangla News

Breaking

Dec 13, 2018

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচদিনাই বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য, মহানগৰীত অপৰিৱৰ্তিত ডিজেলৰ মূল্য


পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমাত হ্ৰাস পোৱাৰ পিচত বুধবাৰে অপৰিৱৰ্তিত হৈ থাকিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ এদিন পিচতেই বৃহস্পতি বাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য । পেট্ৰ'লত ১১ পইচা বৃদ্ধি হৈ মহানগৰীত পেট্ৰ'লৰ মূল্য হ'ল ৬৯.৭৩ টকা। আনহাতে ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। ১৮ অক্টোবৰত পেট্ৰ'লৰ মূল্য ৮২.৫৪ টকা আৰু ডিজেলৰ মূল্য ৭৬.৫৫ টকা হোৱাৰ পৰিৱৰ্তে ১১ ডিচেম্বৰত পেট্ৰ'লৰ মূল্য ৬৯.৬২ টকা আৰু ডিজেলৰ মূল্য ৬৫ টকা হৈছিল। আনহাতে ১৮ অক্টোবৰৰ পৰা ১১ ডিচেম্বৰলৈ পেট্ৰ'লত ১২.৯২ টকা আৰু ডিজেলৰ মূল্য ১১.৫৫ টকা হ্ৰাস পাইছিল । পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিচতেই পুনৰাই মূল্য় বৃদ্ধি পোৱাত শাসকীয় দলৰ প্ৰতি ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা।

No comments: